Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-ማኢዳህ   አንቀፅ:
مِنْ اَجْلِ ذٰلِكَ ؔۛۚ— كَتَبْنَا عَلٰی بَنِیْۤ اِسْرَآءِیْلَ اَنَّهٗ مَنْ قَتَلَ نَفْسًا بِغَیْرِ نَفْسٍ اَوْ فَسَادٍ فِی الْاَرْضِ فَكَاَنَّمَا قَتَلَ النَّاسَ جَمِیْعًا ؕ— وَمَنْ اَحْیَاهَا فَكَاَنَّمَاۤ اَحْیَا النَّاسَ جَمِیْعًا ؕ— وَلَقَدْ جَآءَتْهُمْ رُسُلُنَا بِالْبَیِّنٰتِ ؗ— ثُمَّ اِنَّ كَثِیْرًا مِّنْهُمْ بَعْدَ ذٰلِكَ فِی الْاَرْضِ لَمُسْرِفُوْنَ ۟
কাবীলৰ হাতত ভাতৃ হত্যাৰ কাৰণে আমি বনী ইছৰাঈলক জনাই দিছিলো যে, যদি কোনোবাই কাৰণবিহীন কাৰোবাক হত্যা কৰে, যেনে কিচাচ অথবা কুফৰ আৰু বিদ্ৰোহৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা আদি, তেন্তে সি যেনিবা গোটেই মানৱ জাতিক হত্যা কৰিলে। কিয়নো তাৰ ওচৰত দোষী আৰু নিৰ্দোষীৰ মাজত কোনো পাৰ্থক্য নাই। আনহাতে যদি কোনোবাই এই বুলি প্ৰাণ নাশৰ পৰা বিৰত থাকে যে, আল্লাহে ইয়াক হাৰাম কৰিছে তেন্তে সি যেনিবা গোটেই মানৱ জাতিক জীৱন দান কৰিলে। কিয়নো তাৰ এই ব্যৱহাৰত সকলো মানুহৰেই নিৰাপত্তা আছে। আৰু আমাৰ ৰাছুল বনী ইছৰাঈলৰ ওচৰত স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য নিদৰ্শন লৈ আহিছিল কিন্তু ইয়াৰ পিছতো সিহঁতৰ মাজৰ বহুতে গুনাহ তথা ৰাছুলসকলৰ বিৰুদ্ধাচাৰণ কৰি আল্লাহৰ আদেশ অমান্য কৰিছিল।
ዓረብኛ ተፍሲሮች:
اِنَّمَا جَزٰٓؤُا الَّذِیْنَ یُحَارِبُوْنَ اللّٰهَ وَرَسُوْلَهٗ وَیَسْعَوْنَ فِی الْاَرْضِ فَسَادًا اَنْ یُّقَتَّلُوْۤا اَوْ یُصَلَّبُوْۤا اَوْ تُقَطَّعَ اَیْدِیْهِمْ وَاَرْجُلُهُمْ مِّنْ خِلَافٍ اَوْ یُنْفَوْا مِنَ الْاَرْضِ ؕ— ذٰلِكَ لَهُمْ خِزْیٌ فِی الدُّنْیَا وَلَهُمْ فِی الْاٰخِرَةِ عَذَابٌ عَظِیْمٌ ۟ۙ
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰে, লগতে তেওঁলোকৰ লগত প্ৰকাশ্য শত্ৰুতা পোষণ কৰি পৃথিৱীত হত্যা তথা লুন্ঠনৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, সিহঁতৰ শাস্তি হৈছে এই যে, সিহঁতক হত্যা কৰা হব অথবা ফাচী কাঠত ওলোমাই দিয়া হ'ব নাইবা সোঁ হাত আৰু বাওঁ ভৰি কৰ্তন কৰা হব, ইয়াৰ পিছত আকৌ যদি এনেকুৱা কৰ্ম কৰে তেন্তে বাওঁ হাত আৰু সোঁ ভৰি কৰ্তন কৰা হ'ব নাইবা দেশৰ পৰা বহিষ্কাৰ কৰা হব। পৃথিৱীত সিহঁতৰ বাবে এই শাস্তি কেৱল অপমানৰ বাবে, আৰু আখিৰাতত আছে সিহঁতৰ মহা শাস্তি।
ዓረብኛ ተፍሲሮች:
اِلَّا الَّذِیْنَ تَابُوْا مِنْ قَبْلِ اَنْ تَقْدِرُوْا عَلَیْهِمْ ۚ— فَاعْلَمُوْۤا اَنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟۠
হে প্ৰশাসনিক বিষয়াসকল! এই বিদ্ৰোহীসকলৰ মাজৰ যিয়ে তোমালোকে গ্ৰেপ্তাৰ কৰাৰ আগতে তাওবা কৰিব, তেন্তে জানি থোৱা! আল্লাহে সিহঁতক ক্ষমা কৰিব আৰু সিহঁতৰ প্ৰতি কৃপা কৰিব। আৰু এই কৃপা ফলতেই সিহঁতৰ পৰা শাস্তি আঁতৰাই দিব।
ዓረብኛ ተፍሲሮች:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَابْتَغُوْۤا اِلَیْهِ الْوَسِیْلَةَ وَجَاهِدُوْا فِیْ سَبِیْلِهٖ لَعَلَّكُمْ تُفْلِحُوْنَ ۟
হে মুমিনসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তেওঁ যি আদেশ কৰিছে সেয়া পালন কৰি তেওঁৰ নৈকট্য অৱলম্বন কৰা, আৰু তেওঁ যি নিষেধ কৰিছে তাৰ পৰা বিৰত থাকা। তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে কাফিৰসকলৰ লগত (যিসকলে তোমালোকক আল্লাহৰ দ্বীন পালনত বাধা দিয়ে আৰু তোমালোকৰ ওপৰত নিৰ্যাতন কৰে) যুদ্ধ কৰা। এনেকুৱা কৰিলে হয়তো তোমালোকে সেইটো পাবা যিটো তোমালোকে বিচৰা আৰু সেইটোৰ পৰা বচাই লোৱা হ'ব যিটোক তোমালোকে ভয় কৰা।
ዓረብኛ ተፍሲሮች:
اِنَّ الَّذِیْنَ كَفَرُوْا لَوْ اَنَّ لَهُمْ مَّا فِی الْاَرْضِ جَمِیْعًا وَّمِثْلَهٗ مَعَهٗ لِیَفْتَدُوْا بِهٖ مِنْ عَذَابِ یَوْمِ الْقِیٰمَةِ مَا تُقُبِّلَ مِنْهُمْ ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰে, সিহঁত যদি পৃথিৱীৰ সকলো বস্তুৰ মালিক হয়, লগতে ইয়াৰ বাহিৰেও যদি সিহঁতৰ ওচৰত সম্পত্তি থাকে আৰু সেই সকলোবোৰ সম্পত্তি যদি সিহঁতে ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা মুক্তি লাভৰ উদ্দেশ্যে দিব বিচাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ'ব। সিহঁতক কষ্টকৰ শাস্তি প্ৰদান কৰা হ'ব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• حرمة النفس البشرية، وأن من صانها وأحياها فكأنما فعل ذلك بجميع البشر، وأن من أتلف نفسًا بشرية أو آذاها من غير حق فكأنما فعل ذلك بالناس جميعًا.
মানুহৰ প্ৰাণৰ মৰ্যদা প্ৰদান কৰা হৈছে। এইদৰে যে, যিয়ে ইয়াক ৰক্ষা কৰিব তথা জীৱন দান দিব, সি যেনিবা এই উপকাৰ গোটেই মানৱ জাতিৰ লগত কৰিলে। আনহাতে যিয়ে কোনো ব্যক্তিৰ প্ৰাণ নাশ কৰিলে অথবা অন্যায়ভাৱে কষ্ট প্ৰদান কৰিলে, সি যেনিবা গোটেই মানৱ জাতিৰ লগত এনেকুৱা কৰিলে।

• عقوبة الذين يحاربون الله ورسوله ممن يفسدون بالقتل وانتهاب الأموال وقطع الطرق هي: القتل بلا صلب، أو مع الصلب، أو قطع الأطرف من خلاف، أو بتغريبهم من البلاد؛ وهذا على حسب ما صدر منهم.
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰে, পৃথিৱীত হত্যা, লুন্ঠনৰ জৰিয়তে বিপৰ্যয় সৃষ্টি কৰে। সিহঁতৰ শাস্তি এই যে, সিহঁতক সিহঁতৰ অপৰাধ অনুসাৰে হত্যা কৰা হ'ব অথবা ফাঁচি দিয়া হ'ব নাইবা সিহঁতৰ হাত ভৰি বিপৰীত ফালৰ পৰা কৰ্তন কৰা হ'ব, নাইবা সিহঁতক দেশৰ পৰা বহিষ্কাৰ কৰা হ'ব।

• توبة المفسدين من المحاربين وقاطعي الطريق قبل قدرة السلطان عليهم توجب العفو.
চুৰি, ডকাইতি তথা উপদ্ৰৱকাৰী সকল যদি প্ৰশাসনৰ নিয়ন্ত্ৰণত অহাৰ পূৰ্বে তাওবা (নিজৰ অপৰাধৰ প্ৰতি অনুতপ্ত হয়) কৰে, তেন্তে সিহঁতক ক্ষমা কৰি দিয়া হ'ব।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-ማኢዳህ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት