Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (94) ሱራ (ምዕራፍ): አን-ኒሳዕ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا ضَرَبْتُمْ فِیْ سَبِیْلِ اللّٰهِ فَتَبَیَّنُوْا وَلَا تَقُوْلُوْا لِمَنْ اَلْقٰۤی اِلَیْكُمُ السَّلٰمَ لَسْتَ مُؤْمِنًا ۚ— تَبْتَغُوْنَ عَرَضَ الْحَیٰوةِ الدُّنْیَا ؗ— فَعِنْدَ اللّٰهِ مَغَانِمُ كَثِیْرَةٌ ؕ— كَذٰلِكَ كُنْتُمْ مِّنْ قَبْلُ فَمَنَّ اللّٰهُ عَلَیْكُمْ فَتَبَیَّنُوْا ؕ— اِنَّ اللّٰهَ كَانَ بِمَا تَعْمَلُوْنَ خَبِیْرًا ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! যেতিয়া তোমালোকে আল্লাহৰ পথত জিহাদ কৰিবলৈ যোৱা তেতিয়া অনুসন্ধান কৰি লবা কাৰ লগত তোমালোকে যুদ্ধ কৰি আছা, আৰু যিয়ে কোনো কৰ্মৰ দ্বাৰা নিজৰ ইছলাম প্ৰকাশ কৰে তাক এই বুলি নকবা যে, তুমি মুমিন নহয় আৰু তুমি ভয়তে নিজৰ জান মাল ৰক্ষা কৰিবলৈ ইছলাম প্ৰকাশ কৰি আছা। এতেকে যুদ্ধলব্ধ সম্পদ তথা পাৰ্থিৱ জীৱনৰ তুচ্ছ সামগ্ৰীৰ লোভত পৰি তাক হত্যা নকৰিবা। শুনা! আল্লাহৰ ওচৰত অসংখ্য সম্পদ আছে, সেইবোৰ ইয়াতকৈ উত্তম আৰু ডাঙৰ। ইতিপূৰ্বে তোমালোকেও সেই ব্যক্তিৰ দৰেই আছিলা, যিয়ে নিজ সম্প্ৰদায়ৰ পৰা নিজৰ ঈমান গোপন কৰি ৰাখিছে। আল্লাহে তোমালোকক ইছলাম প্ৰদান কৰি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ তেজ সুৰক্ষিত কৰিছে। সেয়ে অনুসন্ধান কৰি লবা। নিশ্চয় তোমালোকৰ সৰুতকৈ সৰু আমলো আল্লাহৰ পৰা গোপন নহয় আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• جاء القرآن الكريم معظِّمًا حرمة نفس المؤمن، وناهيًا عن انتهاكها، ومرتبًا على ذلك أشد العقوبات.
কোৰআনে মুমিনৰ প্ৰাণ প্ৰতিষ্ঠাৰ সন্মান কৰে, ইয়াৰ অনিষ্টতাৰ প্ৰতিৰোধ কৰে লগতে ইয়াৰ ওপৰত কঠোৰ দণ্ড নিৰ্ধাৰিত কৰে।

• من عقيدة أهل السُّنَّة والجماعة أن المؤمن القاتل لا يُخلَّد أبدًا في النار، وإنما يُعذَّب فيها مدة طويلة ثم يخرج منها برحمة الله تعالى.
আহলে ছুন্নত অল জামাআতৰ আক্বীদাহ এই যে, হত্যাকাৰী মুমিন কেতিয়াও জাহান্নামত চিৰস্থায়ী নহব, বৰং তাত দীৰ্ঘ সময় থকাৰ পিছত আল্লাহৰ ৰহমতত তাৰ পৰা ওলাই আহিব।

• وجوب التثبت والتبيُّن في الجهاد، وعدم الاستعجال في الحكم على الناس حتى لا يُعتدى على البريء.
জিহাদত অনুসন্ধান কৰা জৰুৰী, আৰু কাৰো প্ৰতি খৰখেদাকৈ সিদ্ধান্ত লব নালাগে যাতে কোনো নিৰ্দোষী ব্যক্তিৰ অনিষ্ট নহয়।

 
የመልዕክት ትርጉም አንቀፅ: (94) ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት