Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (43) ሱራ (ምዕራፍ): አን-ኒሳዕ
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَقْرَبُوا الصَّلٰوةَ وَاَنْتُمْ سُكٰرٰی حَتّٰی تَعْلَمُوْا مَا تَقُوْلُوْنَ وَلَا جُنُبًا اِلَّا عَابِرِیْ سَبِیْلٍ حَتّٰی تَغْتَسِلُوْا ؕ— وَاِنْ كُنْتُمْ مَّرْضٰۤی اَوْ عَلٰی سَفَرٍ اَوْ جَآءَ اَحَدٌ مِّنْكُمْ مِّنَ الْغَآىِٕطِ اَوْ لٰمَسْتُمُ النِّسَآءَ فَلَمْ تَجِدُوْا مَآءً فَتَیَمَّمُوْا صَعِیْدًا طَیِّبًا فَامْسَحُوْا بِوُجُوْهِكُمْ وَاَیْدِیْكُمْ ؕ— اِنَّ اللّٰهَ كَانَ عَفُوًّا غَفُوْرًا ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত ছালাত আদায় নকৰিবা, যেতিয়ালৈকে মাদকতা আঁতৰি নাযায়, যাতে তোমালোকে ধৰিব পাৰা যে তোমালোকে কি কৈ আছা। দৰাচলতে এই বিধান মাদক দ্ৰৱ্য সম্পূৰ্ণৰূপে হাৰাম হোৱাৰ পূৰ্বে আছিল। এইদৰে জুনুবী অৱস্থাতো ছালাত আদায় নকৰিবা আৰু মছজিদত প্ৰৱেশ নকৰিবা যেতিয়ালৈকে গুছল নকৰা, আনহাতে অৱস্থান নকৰাকৈ মছজিদৰ ভিতৰেদি খোজকাঢ়ি যোৱাত কোনো অসুবিধা নাই। যদি তোমালোকৰ কোনোবাই এনেকুৱা বেমাৰত আক্ৰান্ত হয়, যি বেমাৰত পানী ব্যৱহাৰ কৰা সম্ভৱ নহয়, অথবা তোমালোক ভ্ৰমণ অৱস্থাত থাকা নাইবা তোমালোকৰ অজু ভঙ্গ হলে অথবা স্ত্ৰীৰ লগত সহবাস কৰাৰ পিছত পানী নাপালে, পৱিত্ৰ মাটিৰে তায়াম্মুম কৰা অৰ্থাৎ নিজৰ দুয়ো হাতেৰে মুখমণ্ডল আৰু হাত দুখন মছেহ কৰা। নিশ্চয় আল্লাহে তোমালোকৰ ভুল-ত্ৰুটি মাৰ্জনা কৰিব আৰু তোমালোকৰ প্ৰতি তেওঁ অতি ক্ষমাশীল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من كمال عدله تعالى وتمام رحمته أنه لا يظلم عباده شيئًا مهما كان قليلًا، ويتفضل عليهم بمضاعفة حسناتهم.
আল্লাহৰ পূৰ্ণ ন্যায়পৰায়ণতা আৰু তেওঁৰ অসীম কৃপাৰ এটা নিদৰ্শন এই যে, তেওঁ বান্দাৰ প্ৰতি অকণো অন্যায় নকৰে, বৰং নিজ অনুগ্ৰহত সিহঁতৰ নেকীসমূহক কেইবা গুণ বৃদ্ধি কৰি দিয়ে।

• من شدة هول يوم القيامة وعظم ما ينتظر الكافر يتمنى أن يكون ترابًا.
ক্বিয়ামত দিৱসৰ অৱস্থা ইমান ভয়াৱহ হব আৰু কাফিৰসকলে শাস্তিৰ পৰা ইমান ভয় কৰিব যে, সিহঁতে মাটিত মিহলি হৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিব।

• الجنابة تمنع من الصلاة والبقاء في المسجد، ولا بأس من المرور به دون مُكْث فيه.
জুনুবী অৱস্থাত ছালাত আদায় কৰা তথা মছজিদত অৱস্থান কৰা নিষিদ্ধ, আনহাতে অৱস্থান নকৰাকৈ পাৰ হৈ যোৱাত কোনো অসুবিধা নাই।

• تيسير الله على عباده بمشروعية التيمم عند فقد الماء أو عدم القدرة على استعماله.
পানী নোপোৱা অৱস্থাত তথা পানী ব্যৱহাৰ কৰিবলৈ সামৰ্থ নথকা অৱস্থাত আল্লাহে তায়াম্মুম কৰাৰ অনুমতি প্ৰদান কৰি তেওঁৰ বান্দাসকলৰ বাবে সহজ কৰি দিছে।

 
የመልዕክት ትርጉም አንቀፅ: (43) ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት