Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (173) ሱራ (ምዕራፍ): አን-ኒሳዕ
فَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَیُوَفِّیْهِمْ اُجُوْرَهُمْ وَیَزِیْدُهُمْ مِّنْ فَضْلِهٖ ۚ— وَاَمَّا الَّذِیْنَ اسْتَنْكَفُوْا وَاسْتَكْبَرُوْا فَیُعَذِّبُهُمْ عَذَابًا اَلِیْمًا ۙ۬— وَّلَا یَجِدُوْنَ لَهُمْ مِّنْ دُوْنِ اللّٰهِ وَلِیًّا وَّلَا نَصِیْرًا ۟
এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলক স্বীকাৰ কৰিছে তথা নিৰ্ভেজালভাৱে আল্লাহৰ বাবে তেওঁৰ চৰীয়ত অনুযায়ী সত্কৰ্ম কৰিছে, আল্লাহে তেওঁলোকক পৰিপূৰ্ণ প্ৰতিদান দান কৰিব, আনকি তেওঁৰ দয়া আৰু অসীম কৃপাত তাতোকৈ অধিক দান কৰিব। কিন্তু যিসকলে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্য নকৰে তথা অহংকাৰ কৰে, সিহঁতক কষ্টদায়ক শাস্তি প্ৰদান কৰিব। আৰু সিহঁতে আল্লাহৰ বাহিৰে আন কাকো নাপাব, যিয়ে সিহঁতৰ ৰক্ষক হৈ উপকাৰ কৰিব আৰু সহায়ক হৈ ক্ষতিৰ পৰা ৰক্ষা কৰিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• بيان أن المسيح بشر، وأن أمه كذلك، وأن الضالين من النصارى غلوا فيهما حتى أخرجوهما من حد البشرية.
এই কথাৰ বৰ্ণনা পোৱা গল যে, ঈছা আৰু তেওঁৰ মাতৃ হৈছে মানৱ। পথভ্ৰষ্ট খৃষ্টানসকলে তেওঁলোকৰ বিষয়ে সীমালংঘন কৰিছে, আনকি তেওঁলোকক মানৱৰ পৰা বাহিৰ কৰিছে।

• بيان بطلان شرك النصارى القائلين بالتثليث، وتنزيه الله تعالى عن أن يكون له شريك أو شبيه أو مقارب، وبيان انفراده - سبحانه - بالوحدانية في الذات والأسماء والصفات.
তিনি উপাস্য বুলি দাবী কৰা খৃষ্টানসকলৰ শ্বিৰ্ক বাতিল হোৱা সম্পৰ্কে বৰ্ণনা, লগতে এই কথাৰ ঘোষণা যে, আল্লাহ অংশীদাৰিত্বৰ পৰা, সমকক্ষৰ পৰা আৰু সমতুল্যৰ পৰা পৱিত্ৰ। লগতে এই কথাৰো ঘোষণা যে, আল্লাহ তাআলা সত্ত্বাগত ভাৱে, তেওঁৰ সুন্দৰ সুন্দৰ নামসমূহ আৰু গুণাৱলীতো একক।

• إثبات أن عيسى عليه السلام والملائكة جميعهم عباد مخلوقون لا يستكبرون عن الاعتراف بعبوديتهم لله تعالى والانقياد لأوامره، فكيف يسوغ اتخاذهم آلهة مع كونهم عبيدًا لله تعالى؟!
এই কথাৰো প্ৰমাণ পোৱা গল যে, ঈছা আলাইহিছ ছালাম তথা সকলো ফিৰিস্তা আল্লাহৰ মখলুক আৰু তেওঁৰ বান্দা। তেওঁলোকে আল্লাহৰ বন্দেগীত আৰু তেওঁৰ আদেশ পালনত অভিমান নকৰে। এতেকে যিহেতু তেওঁলোক আল্লাহৰ বান্দা, তেতিয়া হলে তেওঁলোকক উপাস্য হিচাপে মানি লোৱাটো কেনেকৈ সঠিক হব?

• في الدين حجج وبراهين عقلية تدفع الشبهات، ونور وهداية تدفع الحيرة والشهوات.
ইছলামত অসংখ্য যুক্তি আছে, যিবোৰে সংশয় দূৰ কৰে। তথা হিদায়ত আৰু নূৰ আছে, যিয়ে দোদুল্যমান স্থিতি আৰু প্ৰবৃত্তিৰ আকাংক্ষা দূৰ কৰে।

 
የመልዕክት ትርጉም አንቀፅ: (173) ሱራ (ምዕራፍ): አን-ኒሳዕ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት