Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (32) ሱራ (ምዕራፍ): አል ሉቅማን
وَاِذَا غَشِیَهُمْ مَّوْجٌ كَالظُّلَلِ دَعَوُا اللّٰهَ مُخْلِصِیْنَ لَهُ الدِّیْنَ ۚ۬— فَلَمَّا نَجّٰىهُمْ اِلَی الْبَرِّ فَمِنْهُمْ مُّقْتَصِدٌ ؕ— وَمَا یَجْحَدُ بِاٰیٰتِنَاۤ اِلَّا كُلُّ خَتَّارٍ كَفُوْرٍ ۟
সাগৰীয় ঢেউ যেতিয়া সিহঁতক পৰ্বত সদৃশ আৰু প্ৰকাণ্ড মেঘৰ দৰে আগুৰি ধৰে, তেতিয়া সিহঁতে একনিষ্ঠভাৱে একমাত্ৰ আল্লাহৰ ইবাদতৰ অঙ্গীকাৰ কৰি তেওঁৰ ওচৰত দুআ কৰিবলৈ ধৰে। এতেকে আল্লাহে যেতিয়া সিহঁতৰ দুআ কবূল কৰে আৰু সিহঁতক বিপদৰ পৰা ৰক্ষা কৰি যেতিয়া সুকলমে স্থলত পৌঁচাই দিয়ে, তেতিয়া সিহঁতৰ মাজৰ কিছুমানে মধ্যম পন্থা বাচি লয়, অৰ্থাৎ যিদৰে আল্লাহৰ কৃতজ্ঞতা কৰা উচিত সেইদৰ নকৰে। পক্ষান্তৰে আন কিছুমানে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰি বহে। আমাৰ আয়াতসমূহক কেৱল সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকল হৈছে বিশ্বাসঘাতক, তথা যিয়ে নিয়ামত লাভ কৰাৰ পিছত আল্লাহৰ নিয়ামত অস্বীকাৰ কৰি অকৃতজ্ঞ হৈ পৰে। যিদৰে এই ব্যক্তিয়ে আল্লাহৰ লগত অঙ্গীকাৰ কৰিছিল যে, আল্লাহে যদি তাক বিপদৰ পৰা ৰক্ষা কৰে তেন্তে সি আল্লাহৰ কৃতজ্ঞ হৈ থাকিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• نقص الليل والنهار وزيادتهما وتسخير الشمس والقمر: آيات دالة على قدرة الله سبحانه، ونعمٌ تستحق الشكر.
দিন-ৰাতিৰ হ্ৰাস আৰু বৃদ্ধি, চন্দ্ৰ সূৰ্য্যৰ নিয়ন্ত্ৰণ আদি, এইবোৰ কিছুমান এনেকুৱা নিদৰ্শন যিবোৰে আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। তথা এইবোৰ এনেকুৱা নিয়ামত, যাৰ ফলত কৃতজ্ঞতা জ্ঞাপন কৰা অত্যন্ত জৰুৰী।

• الصبر والشكر وسيلتان للاعتبار بآيات الله.
ধৈৰ্য্য আৰু কৃতজ্ঞতা, এই দুটা হৈছে আল্লাহৰ নিদৰ্শনৰ পৰা উপদেশ গ্ৰহণ কৰাৰ অন্যতম উপায়।

• الخوف من القيامة يقي من الاغترار بالدنيا، ومن الخضوع لوساوس الشياطين.
কিয়ামতৰ ভয়-ভীতিয়ে মানুহক পাৰ্থিৱ সম্পদৰ প্ৰৱঞ্চনাৰ পৰা আৰু চয়তানৰ কুমন্ত্ৰণাত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে।

• إحاطة علم الله بالغيب كله.
গায়েব সম্পৰ্কীয় সকলো তথ্য আল্লাহৰ জ্ঞানে পৰিবেষ্টন কৰি আছে।

 
የመልዕክት ትርጉም አንቀፅ: (32) ሱራ (ምዕራፍ): አል ሉቅማን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት