Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (16) ሱራ (ምዕራፍ): አል ሉቅማን
یٰبُنَیَّ اِنَّهَاۤ اِنْ تَكُ مِثْقَالَ حَبَّةٍ مِّنْ خَرْدَلٍ فَتَكُنْ فِیْ صَخْرَةٍ اَوْ فِی السَّمٰوٰتِ اَوْ فِی الْاَرْضِ یَاْتِ بِهَا اللّٰهُ ؕ— اِنَّ اللّٰهَ لَطِیْفٌ خَبِیْرٌ ۟
হে মোৰ মৰমৰ পুত্ৰ! পুণ্যই হওক অথবা পাপকৰ্ম, যিমানেই সৰু নহওক কিয়, উদাহৰণস্বৰূপে যদি সৰিয়হৰ বীজ পৰিমাণো হয়, আৰু সেইটো যদি কোনো প্ৰকাণ্ড শিলৰ ভিতৰত থাকে যিটোক মানুহৰ দৃষ্টিয়ে অৱলোকন কৰিব নোৱাৰে, অথবা আকাশ আৰু পৃথিৱীৰ যি ঠাইতেই নাথাকক কিয়, কিয়ামতৰ দিনা আল্লাহে সেইটোক নিশ্চিতভাৱে উপস্থিত কৰিব। তথা বান্দাক ইয়াৰ প্ৰতিদান দান কৰিব। নিশ্চয় আল্লাহ সুক্ষ্মদৰ্শী, সৰুতকৈ সৰু বস্তু এটাও তেওঁৰ পৰা অগোচৰ নহয়। তেওঁ সেই বস্তুৰ বাস্তৱিকতা আৰু স্থান সম্পৰ্কে সম্যক অৱগত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• لما فصَّل سبحانه ما يصيب الأم من جهد الحمل والوضع دلّ على مزيد برّها.
আল্লাহে যিহেতু সেইবোৰ কষ্টৰ কথা উল্লেখ কৰিছে, যিবোৰ মাকে গৰ্ভ অৱস্থাত আৰু প্ৰসৱৰ সময়ত সহ্য কৰে, গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, তেওঁৰ লগত আৰু অধিক সদ্ব্যৱহাৰ কৰা উচিত।

• نفع الطاعة وضرر المعصية عائد على العبد.
সৎকৰ্মৰ লাভ আৰু অসৎকৰ্মৰ ক্ষতি বান্দা নিজেই ভোগ কৰিব লাগিব।

• وجوب تعاهد الأبناء بالتربية والتعليم.
সন্তানসকলৰ লালন-পালন আৰু সুশিক্ষাৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰা অনিবাৰ্য।

• شمول الآداب في الإسلام للسلوك الفردي والجماعي.
ব্যক্তিগত আৰু সামাজিক শিষ্টাচাৰৰ সকলো নিয়ম-নীতি ইছলামত অন্তৰ্ভুক্ত আছে।

 
የመልዕክት ትርጉም አንቀፅ: (16) ሱራ (ምዕራፍ): አል ሉቅማን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት