Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (57) ሱራ (ምዕራፍ): ኣሊ-ኢምራን
وَاَمَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ فَیُوَفِّیْهِمْ اُجُوْرَهُمْ ؕ— وَاللّٰهُ لَا یُحِبُّ الظّٰلِمِیْنَ ۟
আৰু যিসকলে তোমাৰ প্ৰতি আৰু তুমি লৈ আহা চৰীয়তৰ ওপৰত ঈমান আনিছে আৰু ছালাত, চওম, যাকাত আৰু আত্মীয়-স্বজনৰ লগত সদ্ব্যৱহাৰ ইত্যাদিৰ দৰে সত্কৰ্ম কৰিছে, আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিব আৰু তাত কোনো ধৰণৰ হ্ৰাস কৰা নহব। দৰাচলতে ঈছা আলাইহিছ ছালামৰ অনুসাৰীসকলৰ বিষয়ে এইবোৰ কথা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বৰ, তেখেতৰ বিষয়ে সুসংবাদ স্বয়ং ঈছা আলাইহিছ ছালামে দিছিল। নিশ্চয় আল্লাহে অন্যায়কাৰীসকলক পছন্দ নকৰে। আৰু আটাইতকৈ ডাঙৰ অন্যায় হৈছে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من كمال قدرته تعالى أنه يعاقب من يمكر بدينه وبأوليائه، فيمكر بهم كما يمكرون.
আল্লাহৰ ক্ষমতাৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত এইটোও যে, তেওঁ নিজৰ দ্বীন আৰু তেওঁৰ বন্ধুবৰ্গৰ লগত ষড়যন্ত্ৰকাৰী সকলক শাস্তি প্ৰদান কৰে। এতেকে সিহঁতে যিদৰে ষড়যন্ত্ৰ কৰে, আল্লাহেও সেই অনুপাতে সিদ্ধান্ত গ্ৰহণ কৰে।

• بيان المعتقد الصحيح الواجب في شأن عيسى عليه السلام، وبيان موافقته للعقل فهو ليس بدعًا في الخلقة، فآدم المخلوق من غير أب ولا أم أشد غرابة والجميع يؤمن ببشريته.
ঈছা আলাইহিছ ছালাম সম্পৰ্কে সঠিক আৰু আৱশ্যক ধাৰণাৰ বৰ্ণনা আৰু এই কথাৰ স্পষ্ট বিৱৰণ যে, তেওঁৰ জন্ম বিবেকৰ বিৰুদ্ধে নাছিল, কাৰণ তেওঁৰ জন্ম অভূতপূৰ্ব পদ্ধতিত হোৱা নাছিল। বৰং আদম আলাইহিছ ছালাম বিনা পিতৃ-মাতৃৰে জন্ম হৈছিল আৰু তেওঁৰ জন্ম ইয়াতকৈ আচৰিত আছিল। ইয়াৰ পিছতো সকলোৱে তেওঁক মানুহ হিচাপে বিশ্বাস কৰে।

• مشروعية المُباهلة بين المتنازعين على الصفة التي وردت بها الآية الكريمة.
পৰস্পৰে দুজন বিবাদকাৰীৰ মাজত সেই পদ্ধতিতেই মুবাহালা কৰা বৈধ, যিটো পদ্ধতি আয়াতত আছে।

 
የመልዕክት ትርጉም አንቀፅ: (57) ሱራ (ምዕራፍ): ኣሊ-ኢምራን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት