Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አልን ኑር   አንቀፅ:
وَاَنْكِحُوا الْاَیَامٰی مِنْكُمْ وَالصّٰلِحِیْنَ مِنْ عِبَادِكُمْ وَاِمَآىِٕكُمْ ؕ— اِنْ یَّكُوْنُوْا فُقَرَآءَ یُغْنِهِمُ اللّٰهُ مِنْ فَضْلِهٖ ؕ— وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟
হে মুমিনসকল! নিজৰ দায়িত্ববোধেৰে সেইসকল লোকক বিবাহ কৰোৱা যিসকলৰ স্ত্ৰী নাই। আৰু সেইসকল স্বাধীন নাৰীকো বিবাহ দিয়া যিসকলৰ স্বামী নাই। তথা তোমালোকৰ অধীনস্থ মুমিন দাস-দাসীসকলকো বিবাহ কৰোৱাই দিয়া। যদি তেওঁলোক দৰিদ্ৰ, তেন্তে নিশ্চয় আল্লাহে তেওঁৰ বিশাল অনুগ্ৰহেৰে তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব। নিশ্চয় আল্লাহ প্ৰশস্ত জীৱিকা প্ৰদানকাৰী। কাৰোবাক ধন প্ৰদান কৰিলেও তেওঁৰ জীৱিকা ভাণ্ডাৰত কোনো ক্ষতি নহয়। তেওঁ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।
ዓረብኛ ተፍሲሮች:
وَلْیَسْتَعْفِفِ الَّذِیْنَ لَا یَجِدُوْنَ نِكَاحًا حَتّٰی یُغْنِیَهُمُ اللّٰهُ مِنْ فَضْلِهٖ ؕ— وَالَّذِیْنَ یَبْتَغُوْنَ الْكِتٰبَ مِمَّا مَلَكَتْ اَیْمَانُكُمْ فَكَاتِبُوْهُمْ اِنْ عَلِمْتُمْ فِیْهِمْ خَیْرًا ۖۗ— وَّاٰتُوْهُمْ مِّنْ مَّالِ اللّٰهِ الَّذِیْۤ اٰتٰىكُمْ ؕ— وَلَا تُكْرِهُوْا فَتَیٰتِكُمْ عَلَی الْبِغَآءِ اِنْ اَرَدْنَ تَحَصُّنًا لِّتَبْتَغُوْا عَرَضَ الْحَیٰوةِ الدُّنْیَا ؕ— وَمَنْ یُّكْرِهْهُّنَّ فَاِنَّ اللّٰهَ مِنْ بَعْدِ اِكْرَاهِهِنَّ غَفُوْرٌ رَّحِیْمٌ ۟
দৰিদ্ৰ হোৱাৰ কাৰণে যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, তেওঁলোকে ব্যভিচাৰৰ পৰা নিজকে পৱিত্ৰ ৰখা উচিত, যেতিয়ালৈকে আল্লাহে তেওঁলোকক তেওঁৰ বিশাল অনুগ্ৰহৰে সম্পদ প্ৰদান নকৰে। যিসকল দাসে নিজৰ মালিকৰ পৰা ধনৰ বিনিময়ত স্বাধীনতা বিচাৰে, যদি তেওঁলোকে সেইসকল দাসৰ মাজত বিনিময় আদায় কৰাৰ সামৰ্থ দেখা পায় আৰু ধৰ্মৰ ক্ষেত্ৰত যদি সঠিক জ্ঞান থাকে তেন্তে তেওঁলোকে এই আবেদন স্বীকাৰ কৰা উচিত। তেওঁলোকৰ প্ৰতি এইটোও জৰুৰী যে, আল্লাহে তেওঁলোকক যি সম্পদ দান কৰিছে, তাৰ পৰা সিহঁতকো অলপ প্ৰদান কৰা উচিত। তথা লিখাৰ সময়ত যিটো বিনিময়ৰ ধন নিৰ্ধাৰিত হৈছিল, তাৰে কিছু অংশ মাফ কৰি দিয়া উচিত। ধনৰ লোভত পৰি নিজৰ দাসীসকলক ব্যভিচাৰত লিপ্ত কৰিবলৈ বাধ্য নকৰিবা, তথা ইয়াৰ জৰিয়তে উপাৰ্জিত ধন ভক্ষণ নকৰিবা। যিদৰে আব্দুল্লাহ বিন উবায়ে (সি আছিল এজন মুনাফিক) তাৰ দুই দাসীক ব্যভিচাৰ কৰিবলৈ বাধ্য কৰিছিল, অথচ দাসী দুজনীয়ে ব্যভিচাৰৰ পৰা আঁতৰত থাকি নিজকে পৱিত্ৰ ৰাখিব বিচাৰিছিল। আনহাতে যি ব্যক্তিয়ে নিজৰ দাসীসকলক এনেকুৱা কাম কৰিবলৈ বাধ্য কৰাব তেন্তে আল্লাহে নিশ্চয় সেইসকল দাসীৰ গুনাহসমূহ ক্ষমা কৰি দিব তথা তেওঁলোকৰ প্ৰতি দয়া কৰিব। কিয়নো সিহঁতক বাধ্য কৰোৱা হৈছে। গতিকে যিয়ে বাধ্য কৰাইছে সি হ'ব প্ৰকৃত গুনাহগাৰ।
ዓረብኛ ተፍሲሮች:
وَلَقَدْ اَنْزَلْنَاۤ اِلَیْكُمْ اٰیٰتٍ مُّبَیِّنٰتٍ وَّمَثَلًا مِّنَ الَّذِیْنَ خَلَوْا مِنْ قَبْلِكُمْ وَمَوْعِظَةً لِّلْمُتَّقِیْنَ ۟۠
হে মানৱজাতি! আমি তোমালোকৰ প্ৰতি স্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ। যিবোৰে সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰে। আমি তোমালোকৰ বাবে তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা মুমিন আৰু কাফিৰসকলৰ উদাহৰণো দাঙি ধৰিছোঁ। তথা তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ উপদেশ; উপদেশ সেই ব্যক্তিয়েই গ্ৰহণ কৰে যিয়ে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।
ዓረብኛ ተፍሲሮች:
اَللّٰهُ نُوْرُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— مَثَلُ نُوْرِهٖ كَمِشْكٰوةٍ فِیْهَا مِصْبَاحٌ ؕ— اَلْمِصْبَاحُ فِیْ زُجَاجَةٍ ؕ— اَلزُّجَاجَةُ كَاَنَّهَا كَوْكَبٌ دُرِّیٌّ یُّوْقَدُ مِنْ شَجَرَةٍ مُّبٰرَكَةٍ زَیْتُوْنَةٍ لَّا شَرْقِیَّةٍ وَّلَا غَرْبِیَّةٍ ۙ— یَّكَادُ زَیْتُهَا یُضِیْٓءُ وَلَوْ لَمْ تَمْسَسْهُ نَارٌ ؕ— نُوْرٌ عَلٰی نُوْرٍ ؕ— یَهْدِی اللّٰهُ لِنُوْرِهٖ مَنْ یَّشَآءُ ؕ— وَیَضْرِبُ اللّٰهُ الْاَمْثَالَ لِلنَّاسِ ؕ— وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟ۙ
আল্লাহ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ নূৰ, তথা উভয়ৰ মাজত থকা সকলোৰে পথপ্ৰদৰ্শক। মুমিনৰ অন্তৰত আল্লাহৰ নূৰৰ উপমা হৈছে এনেকুৱা, যেনিবা দেৱালত ওলমি থকা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ। প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, যেনিবা উজ্জ্বল নক্ষত্ৰ। যিটো প্ৰদীপ প্ৰজ্বলিত হয় বৰকতময় গছৰ তেলৰ দ্বাৰা, অৰ্থাৎ যাইতুন গছৰ তেলৰ দ্বাৰা। সেই গছজোপা সূৰ্যৰ তাপৰ পৰা কেতিয়াও বঞ্চিত নহয়, পুৱাৰ ভাগতো নহয় আবেলিও নহয়। সেই তেল ইমান পৰিস্কাৰ যে, জুই নোহোৱাকৈ যেনিবা পোহৰ বিয়পায়। তেন্তে ভাৱি চোৱা! জুই স্পৰ্শ কৰিলে কি অৱস্থা হ’ব। এফালে প্ৰদীপৰ নূৰ, আনফালে কাঁচৰ পোহৰ। এইটোৱেই হৈছে মুমিনৰ অন্তৰৰ পৰিৱেশ, যেতিয়া তাত হিদায়তৰ নূৰ প্ৰৱেশ কৰে। আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে কোৰআন-হাদীছ অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰে। আল্লাহে উদাহৰণৰ জৰিয়তে বিষয়বোৰ স্পষ্ট কৰে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, একোৱেই তেওঁৰ পৰা গোপন নহয়।
ዓረብኛ ተፍሲሮች:
فِیْ بُیُوْتٍ اَذِنَ اللّٰهُ اَنْ تُرْفَعَ وَیُذْكَرَ فِیْهَا اسْمُهٗ ۙ— یُسَبِّحُ لَهٗ فِیْهَا بِالْغُدُوِّ وَالْاٰصَالِ ۟ۙ
এই প্ৰদীপটো মছজিদত প্ৰজ্জ্বলিত কৰা হয়, যাৰ ভিত্তি আৰু মৰ্যাদা সমন্নুত কৰাৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে। সেই মছজিদসমূহত আজান, জিকৰ আৰু চালাতৰ জৰিয়তে তেওঁক স্মৰণ কৰা হয়। লগতে তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ পুৱা-গধূলি চালাত আদায় কৰা হয়।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الله عز وجل ضيق أسباب الرق (بالحرب) ووسع أسباب العتق وحض عليه .
আল্লাহে (যুদ্ধৰ জৰিয়তে) দাস প্ৰথাৰ মাধ্যমসমূহক সংকীৰ্ণতা প্ৰদান কৰিছে, আনহাতে দাস মুক্তিৰ উপায়সমূহ প্ৰশস্ত কৰি দিছে আৰু ইয়াৰ প্ৰেৰণা দিছে।

• التخلص من الرِّق عن طريق المكاتبة وإعانة الرقيق بالمال ليعتق حتى لا يشكل الرقيق طبقة مُسْتَرْذَلة تمتهن الفاحشة.
দাসত্বৰ পৰা মুক্তি পাবলৈ কিছু ধন নিৰ্ধাৰিত কৰা বৈধ, যাতে সমাজত দাসত্বৰ দৰে তিৰস্কৃত আৰু অপমানিত কোনো বৰ্গ গঢ়ি নুঠে, যি বৰ্গই অশ্লীলতা প্ৰচাৰ কৰে।

• قلب المؤمن نَيِّر بنور الفطرة، ونور الهداية الربانية.
মুমিনৰ হৃদয়, ফিতৰত (ইছলাম)ৰ নূৰ আৰু আল্লাহৰ হিদায়তৰ নূৰৰ দ্বাৰা আলোকিত হয়।

• المساجد بيوت الله في الأرض أنشأها ليعبد فيها، فيجب إبعادها عن الأقذار الحسية والمعنوية.
পৃথিৱীত মছজিদবোৰ হৈছে আল্লাহৰ ঘৰ, এইবোৰ নিৰ্মাণৰ উদ্দেশ্য হৈছে যাতে তাত তেওঁৰ ইবাদত কৰা হয়। গতিকে মছজিদবোৰক প্ৰকাশ্য অপ্ৰকাশ্য সকলো ধৰণৰ আৱৰ্জনাৰ পৰা পৰিস্কাৰ কৰি ৰখা জৰুৰী।

• من أسماء الله الحسنى (النور) وهو يتضمن صفة النور له سبحانه.
আল্লাহৰ সুন্দৰ নামবোৰৰ মাজত ‘নূৰ’ হৈছে তেওঁৰ অন্যতম এটা নাম। ইয়াৰ দ্বাৰা আল্লাহৰ বাবে নূৰৰ চিফাত প্ৰমাণিত হয়।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አልን ኑር
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት