Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-ሙዕሚኑን   አንቀፅ:
بَلْ اَتَیْنٰهُمْ بِالْحَقِّ وَاِنَّهُمْ لَكٰذِبُوْنَ ۟
বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে দাবী কৰে। বৰং আমি সিহঁতৰ ওচৰলৈ সত্য লৈ আহিছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই। নিশ্চয় সিহঁত আল্লাহৰ অংশীদাৰ আৰু তেওঁৰ পুত্ৰ থকা বুলি কৰা মন্তব্যত মিছলীয়া। সিহঁতৰ এনেকুৱা দাবীৰ পৰা মহান আল্লাহ অতি সুউচ্চ।
ዓረብኛ ተፍሲሮች:
مَا اتَّخَذَ اللّٰهُ مِنْ وَّلَدٍ وَّمَا كَانَ مَعَهٗ مِنْ اِلٰهٍ اِذًا لَّذَهَبَ كُلُّ اِلٰهٍ بِمَا خَلَقَ وَلَعَلَا بَعْضُهُمْ عَلٰی بَعْضٍ ؕ— سُبْحٰنَ اللّٰهِ عَمَّا یَصِفُوْنَ ۟ۙ
আল্লাহে কোনো সন্তান গ্ৰহণ কৰা নাই, এইটো কাফিৰসকলৰ ধাৰণাহে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। যদি তেওঁৰ বাহিৰে কোনো সত্য উপাস্য থাকিলহেঁতেন, তেন্তে প্ৰত্যেকেই নিজৰ নিজৰ সৃষ্টি কৰা অংশকলৈ পৃথক হৈ গ’লহেঁতেন আৰু ইজনে সিজনক পৰাজিত কৰিলেহেঁতেন। ফলত বিশ্বজগতৰ পৰিচালনা বিশৃংখল হ’লহেঁতেন। বাস্তৱত কিন্তু এনেকুৱা একো হোৱা নাই। গতিকে এইটোৱে প্ৰমাণ কৰে যে, প্ৰকৃত উপাস্য কেৱল এজনেই, আৰু তেওঁ হৈছে আল্লাহ তাআলা। মুশ্বৰিকসকলে তেওঁৰ লগত অংশীদাৰ আৰু সন্তান সম্পৃক্ত কৰি যি দাবী কৰে, তাৰ পৰা তেওঁ অতি পৱিত্ৰ।
ዓረብኛ ተፍሲሮች:
عٰلِمِ الْغَیْبِ وَالشَّهَادَةِ فَتَعٰلٰی عَمَّا یُشْرِكُوْنَ ۟۠
তেওঁ প্ৰত্যেক সেই বস্তু সম্পৰ্কে অৱগত, যিবোৰ তেওঁৰ সৃষ্টিয়ে নাজানে। লগতে প্ৰত্যেক সেই বস্তু সম্পৰ্কে অৱগত, যিবোৰ জ্ঞানিন্দ্ৰীয়ৰ জৰিয়তে উপলব্ধি কৰিব পাৰি। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। গতিকে তেওঁ অংশীদাৰৰ পৰা অতিপৱিত্ৰ তথা সুউচ্চ।
ዓረብኛ ተፍሲሮች:
قُلْ رَّبِّ اِمَّا تُرِیَنِّیْ مَا یُوْعَدُوْنَ ۟ۙ
হে ৰাছুল! আপুনি প্ৰাৰ্থনা কৰক যে, হে মোৰ প্ৰতিপালক! যদি তুমি মোক সেই শাস্তি দেখুৱা, যি শাস্তিৰ প্ৰতিশ্ৰুতি তুমি এই মুশ্বৰিকসকলক প্ৰদান কৰিছা-
ዓረብኛ ተፍሲሮች:
رَبِّ فَلَا تَجْعَلْنِیْ فِی الْقَوْمِ الظّٰلِمِیْنَ ۟
হে মোৰ প্ৰতিপালক! যদি এই মুশ্বৰিকসকলক সেই শাস্তি প্ৰদান কৰা আৰু সেই সময়ত যদি মই উপস্থিত থাকোঁ তেন্তে তেতিয়া তুমি মোক ইহঁতৰ অন্তৰ্ভুক্ত নকৰিবা। অন্যথা ময়ো সেই শাস্তিৰ সন্মুখীন হ'ব লাগিব।
ዓረብኛ ተፍሲሮች:
وَاِنَّا عَلٰۤی اَنْ نُّرِیَكَ مَا نَعِدُهُمْ لَقٰدِرُوْنَ ۟
নিশ্চয় আমি আপোনাক সেই শাস্তি দেখুৱাবলৈ সক্ষম, যি শাস্তিৰ প্ৰতিশ্ৰুতি আমি সিহঁতক প্ৰদান কৰিছোঁ। এইটো তথা আন আন সকলো কৰ্ম কৰিবলৈ আমি অপাৰগ নহয়।
ዓረብኛ ተፍሲሮች:
اِدْفَعْ بِالَّتِیْ هِیَ اَحْسَنُ السَّیِّئَةَ ؕ— نَحْنُ اَعْلَمُ بِمَا یَصِفُوْنَ ۟
হে ৰাছুল! যিয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিব, আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰক। অৰ্থাৎ তাৰ এই দুৰ্ব্যৱহাৰ ক্ষমা কৰি দিয়ক আৰু তাৰ ফালৰ পৰা পোৱা কষ্টত ধৈৰ্য্য ধাৰণ কৰক। আমি সিহঁতৰ শ্বিৰ্ক আৰু অস্বীকাৰ সম্পৰ্কে ভালদৰেই অৱগত। তথা আপোনাক যিবোৰ অনোপযুক্ত বিশেষণেৰে বিভূষিত কৰে, সেইবোৰৰ বিষয়েও আমি ভালদৰেই জানো, যেনেঃ যাদুকৰ, উন্মাদ ইত্যাদি।
ዓረብኛ ተፍሲሮች:
وَقُلْ رَّبِّ اَعُوْذُ بِكَ مِنْ هَمَزٰتِ الشَّیٰطِیْنِ ۟ۙ
আপুনি দুআ কৰক, হে মোৰ প্ৰতিপালক! মই চয়তানৰ প্ৰৰোচনা আৰু কুমন্ত্ৰণাৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।
ዓረብኛ ተፍሲሮች:
وَاَعُوْذُ بِكَ رَبِّ اَنْ یَّحْضُرُوْنِ ۟
তথা হে মোৰ প্ৰতিপালক! মই তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, সি যেন মোৰ কোনো কামৰ সময়তে মোৰ ওচৰত উপস্থিত নাথাকে।
ዓረብኛ ተፍሲሮች:
حَتّٰۤی اِذَا جَآءَ اَحَدَهُمُ الْمَوْتُ قَالَ رَبِّ ارْجِعُوْنِ ۟ۙ
অৱশেষত এই মুশ্বৰিকসকলৰ মাজৰ যেতিয়া কাৰোবাৰ মৃত্যু আহি পৰে, তেতিয়া সি সেই সকলো দেখা পায় যিবোৰ তাৰ লগত সংঘটিত হ'ব। এই দেখি সি নিজৰ অতিবাহিত আয়ু আৰু আল্লাহৰ আদেশ পালন নকৰাৰ বাবে অনুতাপ কৰি ক’বঃ “হে মোৰ প্ৰতিপালক! মোক আকৌ পৃথিৱীৰ জীৱনলৈ ওভোতাই দিয়া।”
ዓረብኛ ተፍሲሮች:
لَعَلِّیْۤ اَعْمَلُ صَالِحًا فِیْمَا تَرَكْتُ كَلَّا ؕ— اِنَّهَا كَلِمَةٌ هُوَ قَآىِٕلُهَا ؕ— وَمِنْ وَّرَآىِٕهِمْ بَرْزَخٌ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟
“মই যদি পৃথিৱীলৈ পুনৰ উভতি যাওঁ তেন্তে নিশ্চয় নেক আমল কৰিম।” কেতিয়াও নহয়, তুমি যি কৈ আছা, বিষয়টো তেনেকুৱা নহয়। এইটো কেৱলমাত্ৰ তোমাৰ মুখৰ বাক্যহে (এইটো কেতিয়াও আমলত পৰিণত নহ'ব)। তাক যদিও পৃথিৱীলৈ ওভোতাই পঠোৱা হয়, তথাপিও সি এই অঙ্গীকাৰ পূৰণ নকৰিব। মৃত্যুবৰণ কৰা এইসকল লোক কিয়ামত পৰ্যন্ত পৃথিৱী আৰু আখিৰাতৰ মধ্যৱৰ্তী সময়ছোৱাত এটা পৰ্দাৰ আঁৰত থাকিব। সেই ঠাইৰ পৰা সিহঁতে পৃথিৱীত এৰি যোৱাখিনি পাবলৈ অথবা তাত কৰা ত্ৰুটিবোৰ সংশোধন কৰিবলৈ কেতিয়াও পৃথিৱীত উভতি আহিব নোৱাৰিব।
ዓረብኛ ተፍሲሮች:
فَاِذَا نُفِخَ فِی الصُّوْرِ فَلَاۤ اَنْسَابَ بَیْنَهُمْ یَوْمَىِٕذٍ وَّلَا یَتَسَآءَلُوْنَ ۟
এতেকে শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যেতিয়া দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব, প্ৰকৃততে সেই ফুঁ দিয়াৰ অৰ্থ হ'ব কিয়ামতৰ জাননী। তেতিয়া সিহঁত কিয়ামতৰ ভয়াৱহ পৰিস্থিতিত এনেকৈ বিলিন হৈ যাব যে, নিজৰ বংশকলৈ গৌৰৱ কৰাৰো সুযোগ নাথাকিব। প্ৰত্যেকেই নিজকলৈ ইমান ব্যস্ত থাকিব যে, আনক সোধ-পোচ কৰাৰো সময় নাপাব।
ዓረብኛ ተፍሲሮች:
فَمَنْ ثَقُلَتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
এতেকে যাৰ পাল্লা ভাৰী হ'ব, অৰ্থাৎ যাৰ নেকী গুনাহতকৈ বেছি হ'ব, সেইসকলেই হৈছে সাফল্যমণ্ডিত। তেওঁলোকেই লক্ষ্যস্থানত উপনীত হ'ব আৰু পছন্দনীয় বস্তুবোৰ লাভ কৰিব, লগতে সকলো ভয়-ভীতিৰ পৰা মুক্তি লাভ কৰিব।
ዓረብኛ ተፍሲሮች:
وَمَنْ خَفَّتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ فِیْ جَهَنَّمَ خٰلِدُوْنَ ۟ۚ
আনহাতে যাৰ গুনাহৰ পাল্লা নেকীৰ পাল্লাতকৈ গধূৰ হ'ব, সিহঁত হৈছে সেইসকল লোক যিসকলে নিজৰেই ক্ষতি কৰিছে। কাৰণ সিহঁতে এনেকুৱা কৰ্ম কৰিছে যিবোৰ সিহঁতৰ বাবেই ক্ষতিকাৰক। লগতে এনেকুৱা কৰ্মৰ পৰা বিৰত থাকিছিল, যিবোৰ সিহঁতৰ বাবে আছিল লাভদায়ক। এতেকে সিহঁতে জাহান্নামত চিৰকাল অৱস্থান কৰিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।
ዓረብኛ ተፍሲሮች:
تَلْفَحُ وُجُوْهَهُمُ النَّارُ وَهُمْ فِیْهَا كٰلِحُوْنَ ۟
জাহান্নামৰ অগ্নিয়ে সিহঁতক পুৰিব। ফলত প্ৰচণ্ড হতাশাত সিহঁতৰ দুয়ো ওঠ সংকুচিত হৈ দাঁতত লাগি ধৰিব।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الاستدلال باستقرار نظام الكون على وحدانية الله.
বিশ্বজগতৰ শৃঙ্খলাবদ্ধ পৰিচালনাই আল্লাহৰ একত্ব প্ৰমাণ কৰে (অৰ্থাৎ তেওঁ একক, অদ্বিতীয়)।

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

• معاملة المسيء بالإحسان أدب إسلامي رفيع له تأثيره البالغ في الخصم.
দুৰ্ব্যৱহাৰকাৰী ব্যক্তিৰ লগত ভাল ব্যৱহাৰ কৰাটো হৈছে ইছলামৰ সুউচ্চ শিষ্টাচাৰৰ এটা অংশ, সন্মুখৰ ব্যক্তিৰ ওপৰত এনেকুৱা ব্যৱহাৰে ভাল প্ৰভাৱ পেলায়।

• ضرورة الاستعاذة بالله من وساوس الشيطان وإغراءاته.
চয়তানৰ কুমন্ত্ৰণা আৰু প্ৰৰোচনাৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা অত্যান্ত প্ৰয়োজন।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): አል-ሙዕሚኑን
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት