Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (81) ሱራ (ምዕራፍ): አን-ነሕል
وَاللّٰهُ جَعَلَ لَكُمْ مِّمَّا خَلَقَ ظِلٰلًا وَّجَعَلَ لَكُمْ مِّنَ الْجِبَالِ اَكْنَانًا وَّجَعَلَ لَكُمْ سَرَابِیْلَ تَقِیْكُمُ الْحَرَّ وَسَرَابِیْلَ تَقِیْكُمْ بَاْسَكُمْ ؕ— كَذٰلِكَ یُتِمُّ نِعْمَتَهٗ عَلَیْكُمْ لَعَلَّكُمْ تُسْلِمُوْنَ ۟
আল্লাহেই তোমালোকৰ সুবিধাৰ্থে গৰমৰ পৰা ৰক্ষা পাবলৈ গছ-গছনি আৰু ঘৰ আদিৰ ছাঁ বনাইছে। তোমালোকৰ বাবে পাহাৰত সুৰঙ, গুহা আদি বনাইছে, য’ত তোমালোকে শীত, গৰম আৰু শত্ৰুৰ পৰা আত্মগোপন কৰা। তোমালোকক সূতা তথা অন্যান্য কাপোৰ প্ৰদান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে শীত আৰু গৰমৰ পৰা ৰক্ষা পোৱা। আৰু তোমালোকক বৰ্ম প্ৰদান কৰিছে, যিটো তোমালোকক যুদ্ধত শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰে। যিদৰে আল্লাহে তোমালোকক উক্ত নিয়ামতবোৰ প্ৰদান কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব, যাতে তোমালোকে কেৱল আল্লাহৰেই আনুগত্য কৰা, আৰু তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰা।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• دلت الآيات على جواز الانتفاع بالأصواف والأوبار والأشعار على كل حال، ومنها استخدامها في البيوت والأثاث.
উক্ত আয়াতবোৰে প্ৰমাণ কৰে যে, ঊণ, পচম আৰু চুলি আদিৰে উপকৃত হোৱা বৈধ। ঘৰ তথা সা-সামগ্ৰীত এইবোৰ ব্যৱহাৰ কৰা বৈধ।

• كثرة النعم من الأسباب الجالبة من العباد مزيد الشكر، والثناء بها على الله تعالى.
অধিক নিয়ামত লাভ কৰিবলৈ অধিক কৃতজ্ঞ হোৱা উচিত, লগতে আল্লাহৰ অধিক প্ৰশংসা কৰা উচিত।

• الشهيد الذي يشهد على كل أمة هو أزكى الشهداء وأعدلهم، وهم الرسل الذين إذا شهدوا تمّ الحكم على أقوامهم.
সেইজন সাক্ষী আটাইতকৈ উত্তম আৰু ন্যায়প্ৰিয়, যিয়ে প্ৰত্যেক সম্প্ৰদায়ৰ সাক্ষী হিচাপে উপস্থিত হ'ব। সেয়া হৈছে ৰাছুলসকলৰ দল, যেতিয়া তেওঁলোকে সাক্ষ্যদান কৰিব, তেতিয়া সেইমতেই উম্মতসমূহৰ মাজত ফয়চালা দিয়া হ'ব।

• في قوله تعالى: ﴿وَسَرَابِيلَ تَقِيكُم بِأْسَكُمْ﴾ دليل على اتخاذ العباد عدّة الجهاد؛ ليستعينوا بها على قتال الأعداء.
﴿وَسَرَابِيلَ تَقِيكُم بِأْسَكُمْ﴾ তোমালোকক এনেকুৱা বস্ত্ৰ প্ৰদান কৰা হৈছে, যিবোৰে তোমালোকক যুদ্ধত প্ৰাণ ৰক্ষা কৰে। আল্লাহ তাআলাৰ এই বাণীত যুদ্ধৰ বাবে প্ৰস্তুত থাকিবলৈ যাৱতীয় বস্তু মজুত ৰখাৰ প্ৰমাণ পোৱা যায়। যাতে শত্ৰুৰ লগত যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা যায়।

 
የመልዕክት ትርጉም አንቀፅ: (81) ሱራ (ምዕራፍ): አን-ነሕል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት