Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (118) ሱራ (ምዕራፍ): አን-ነሕል
وَعَلَی الَّذِیْنَ هَادُوْا حَرَّمْنَا مَا قَصَصْنَا عَلَیْكَ مِنْ قَبْلُ ۚ— وَمَا ظَلَمْنٰهُمْ وَلٰكِنْ كَانُوْۤا اَنْفُسَهُمْ یَظْلِمُوْنَ ۟
বিশেষকৈ আমি ইয়াহুদীসকলৰ ওপৰত যিবোৰ বস্তু হাৰাম কৰিছিলো, তাৰ বৰ্ণনা ইতিপূৰ্বে আমি আপোনাৰ সন্মুখত দাঙি ধৰিছো। (চাওকঃ ছুৰা আনআমৰ ১৪৬ নং আয়াত) এইবোৰ বস্তু হাৰাম কৰি আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলো, বৰং সিহঁতেই শাস্তিযোগ্য কৰ্ম কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল। ফলত আমি সিহঁতক সিহঁতৰ অবাধ্যতাৰ প্ৰতিফল দিছিলো, আৰু শাস্তিৰূপে আমি সিহঁতৰ ওপৰত এই বস্তুবোৰ হাৰাম কৰি দিছিলো।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• الجزاء من جنس العمل؛ فإن أهل القرية لما بطروا النعمة بُدِّلوا بنقيضها، وهو مَحْقُها وسَلْبُها ووقعوا في شدة الجوع بعد الشبع، وفي الخوف والهلع بعد الأمن والاطمئنان، وفي قلة موارد العيش بعد الكفاية.
আল্লাহে প্ৰত্যেক কৰ্মৰ প্ৰতিদান সমপৰ্যায়ৰ কৰ্মৰ দ্বাৰা দান কৰে। এতেকে জনবসতিৰ অধিবাসীসকলে যেতিয়া নিয়ামতকলৈ অহংকাৰ কৰিবলৈ ধৰিলে, তেতিয়া সিহঁতক ইয়াৰ বিপৰীত বস্তু প্ৰদান কৰা হ'ল। অৰ্থাৎ সিহঁতক প্ৰদান কৰা নিয়ামত কাঢ়ি লোৱা হ'ল, আৰু সিহঁতে প্ৰশস্ত জীৱন-যাপন কৰাৰ পিছত দুৰ্ভিক্ষত পতিত হ'ল, নিৰাপত্তা তথা শান্তিৰ পিছত ভয়-ভীতি সোমাই পৰিল, সুখী জীৱনৰ পিছত আৰ্থিক অনাটনে দেখা দিলে।

• وجوب الإيمان بالله وبالرسل، وعبادة الله وحده، وشكره على نعمه وآلائه الكثيرة، وأن العذاب الإلهي لاحقٌ بكل من كفر بالله وعصاه، وجحد نعمة الله عليه.
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু কেৱল এক আল্লাহৰ ইবাদত কৰা তথা তেওঁৰ অপৰিসীম নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা অপৰিহাৰ্য। কাৰণ প্ৰত্যেক পাপিষ্ঠ ব্যক্তি, আল্লাহৰ লগত কুফৰী কৰা ব্যক্তি আৰু আল্লাহৰ নিয়ামত অস্বীকাৰ কৰা ব্যক্তি আল্লাহৰ শাস্তিৰ সন্মুখীন হ'ব।

• الله تعالى لم يحرم علينا إلا الخبائث تفضلًا منه، وصيانة عن كل مُسْتَقْذَر.
আল্লাহে তেওঁৰ অনুগ্ৰহত মানুহক প্ৰত্যেক অপৱিত্ৰ বস্তুৰ পৰা ৰক্ষা কৰিবলৈ কেৱল নিকৃষ্ট বস্তুবোৰকেই হাৰাম কৰিছে।

 
የመልዕክት ትርጉም አንቀፅ: (118) ሱራ (ምዕራፍ): አን-ነሕል
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት