Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (10) ሱራ (ምዕራፍ): ኢብራሂም
قَالَتْ رُسُلُهُمْ اَفِی اللّٰهِ شَكٌّ فَاطِرِ السَّمٰوٰتِ وَالْاَرْضِ ؕ— یَدْعُوْكُمْ لِیَغْفِرَ لَكُمْ مِّنْ ذُنُوْبِكُمْ وَیُؤَخِّرَكُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ؕ— قَالُوْۤا اِنْ اَنْتُمْ اِلَّا بَشَرٌ مِّثْلُنَا ؕ— تُرِیْدُوْنَ اَنْ تَصُدُّوْنَا عَمَّا كَانَ یَعْبُدُ اٰبَآؤُنَا فَاْتُوْنَا بِسُلْطٰنٍ مُّبِیْنٍ ۟
সিহঁতৰ ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক'লেঃ আল্লাহৰ তাওহীদত তথা তেওঁ যে অকলেই ইবাদতৰ যোগ্য এই ক্ষেত্ৰত তোমালোকে সন্দেহ পোষণ কৰিছা নেকি? অথচ তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তথা তেওঁ পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ এই দুয়োটাক সৃষ্টি কৰিছে? তেওঁ তোমালোকক ঈমানৰ পিনে আহ্বান কৰি আছে, যাতে তোমালোকৰ পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়ে তথা পাৰ্থিৱ জীৱনত তোমালোকৰ নিৰ্ধাৰিত সময় পূৰণ কৰাৰ সুযোগ প্ৰদান কৰে। তেওঁলোকৰ সম্প্ৰদায়ে তেওঁলোকক ক'লেঃ আপোনালোক আমাৰ দৰেই মানৱ, আমাতকৈ পৃথক কোনো বিশেষত্ব আপোনালোকৰ মাজত নাই। আপোনালোকে আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বিৰত ৰাখিব বিচাৰে যিবোৰক আমাৰ পিতৃ-পুৰুষসকলে উপাসনা কৰিছিল। তেন্তে কোনো স্পষ্ট প্ৰমাণ লৈ আহক, যিটোৱে আপোনালোকৰ এই দাবীৰ সত্যতা প্ৰমাণ কৰিব যে, আপোনালোক আল্লাহৰ ফালৰ পৰা আমাৰ পিনে প্ৰেৰিত ৰাছুল।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من وسائل الدعوة تذكير المدعوين بنعم الله تعالى عليهم، خاصة إن كان ذلك مرتبطًا بنعمة كبيرة، مثل نصر على عدوه أو نجاة منه.
দাৱাত প্ৰদানৰ এটা অন্যতম পদ্ধতি হৈছে আহ্বানকৃত লোকসকলক আল্লাহৰ নিয়ামত সম্পৰ্কে স্মৰণ কৰোৱা। বিশেষকৈ যদি তেওঁলোক কোনো ডাঙৰ নিয়ামতপ্ৰাপ্ত লোক হয়। উদাহৰণ স্বৰূপে, শত্ৰুৰ বিপক্ষে সহায় লাভ, অথবা বিপদৰ পৰা ৰক্ষা পোৱা ইত্যাদি।

• من فضل الله تعالى أنه وعد عباده مقابلة شكرهم بمزيد الإنعام، وفي المقابل فإن وعيده شديد لمن يكفر به.
এয়া আল্লাহৰ মহা অনুগ্ৰহ যে তেওঁ বান্দাসকলক কৃতজ্ঞতাৰ বিনিময়ত আৰু অধিক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। পক্ষান্তৰে অকৃতজ্ঞকাৰী সকলৰ বাবে আছে তেওঁৰ অতি কঠিন শাস্তি।

• كفر العباد لا يضر اللهَ البتة، كما أن إيمانهم لا يضيف له شيئًا، فهو غني حميد بذاته.
বান্দাৰ কুফুৰীয়ে আল্লাহৰ একো ক্ষতি সাধন কৰিব নোৱাৰে। যিদৰে সিহঁতৰ ঈমানে তেওঁৰ সন্মান বৃদ্ধি নকৰে। কাৰণ তেওঁ অমুখাপেক্ষী স্বয়ং প্ৰশংসিত।

 
የመልዕክት ትርጉም አንቀፅ: (10) ሱራ (ምዕራፍ): ኢብራሂም
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት