Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም አንቀፅ: (100) ሱራ (ምዕራፍ): ዩሱፍ
وَرَفَعَ اَبَوَیْهِ عَلَی الْعَرْشِ وَخَرُّوْا لَهٗ سُجَّدًا ۚ— وَقَالَ یٰۤاَبَتِ هٰذَا تَاْوِیْلُ رُءْیَایَ مِنْ قَبْلُ ؗ— قَدْ جَعَلَهَا رَبِّیْ حَقًّا ؕ— وَقَدْ اَحْسَنَ بِیْۤ اِذْ اَخْرَجَنِیْ مِنَ السِّجْنِ وَجَآءَ بِكُمْ مِّنَ الْبَدْوِ مِنْ بَعْدِ اَنْ نَّزَغَ الشَّیْطٰنُ بَیْنِیْ وَبَیْنَ اِخْوَتِیْ ؕ— اِنَّ رَبِّیْ لَطِیْفٌ لِّمَا یَشَآءُ ؕ— اِنَّهٗ هُوَ الْعَلِیْمُ الْحَكِیْمُ ۟
তথা নিজৰ পিতৃ-মাতৃক তেওঁৰ সিংহাসনত বহোৱালে। তেওঁক তেওঁৰ পিতৃ-মাতৃ আৰু এঘাৰ ভাতৃয়ে ছাজদাহ কৰি সেৱা জনালে। জানি থোৱা উচিত যে, এই ছাজদাহ আছিল সন্মানৰ বাবে, ইবাদতৰ বাবে নহয়। তথা আল্লাহৰ আদেশ পালন কৰিবলৈহে কৰিছিল, যিদৰে সপোনত দেখুৱা হৈছিল। সেই কাৰণেই ইউছুফে তেওঁৰ পিতৃক কৈছিলঃ আপোনালোকে ছাজদাৰ জৰিয়তে জনোৱা এই সেৱাটো হৈছে মোৰ সেই সপোনৰ ব্যাখ্যা যিটো মই পূৰ্বেই দেখিছিলোঁ আৰু আপোনাৰ ওচৰত বৰ্ণনা কৰিছিলোঁ। আজি আল্লাহে সেইটোক বাস্তৱ কৰি দেখুৱালে। মোক কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তথা আপোনালোকক গাওঁৰ পৰা ইয়ালৈ আনি, মোৰ প্ৰতিপালকে মোৰ প্ৰতি উপকাৰ কৰিছে। অথচ চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। নিশ্চয় মোৰ প্ৰতিপালক নিজ ইচ্ছা অনুসৰি উপায় সৃষ্টিৰ ক্ষেত্ৰত সুক্ষ্মদৰ্শী। নিশ্চয় তেওঁ বান্দাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• بر الوالدين وتبجيلهما وتكريمهما واجب، ومن ذلك المسارعة بالبشارة لهما فيما يدخل السرور عليهما.
পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰা আৰু তেওঁলোকক সন্মান কৰা অনিবাৰ্য। কোনো শুভসংবাদ তেওঁলোকক দ্ৰুত জনোৱাটোও হৈছে ইয়াৰ অন্তৰ্ভুক্ত, যি সংবাদে তেওঁলোকক আনন্দ দিয়ে।

• التحذير من نزغ الشيطان، ومن الذي يسعى بالوقيعة بين الأحباب؛ ليفرق بينهم.
চয়তানৰ বিৰোধ সৃষ্টি কৰাৰ সাৱধান থকা। সেই ব্যক্তিৰ পৰা সতৰ্ক কৰা যিয়ে বন্ধুত্বৰ মাজত ঘৃণা তথা দূৰত্ব সৃষ্টি কৰাৰ প্ৰয়াস কৰে।

• مهما ارتفع العبد في دينه أو دنياه فإنَّ ذلك كله مرجعه إلى تفضّل الله تعالى وإنعامه عليه.
বান্দাই দ্বীন আৰু দুনিয়াৰ ক্ষেত্ৰত যিমানেই মৰ্যাদা লাভ নকৰক কিয়, এই সকলোবোৰ আল্লাহৰ কৃপা আৰু তেওঁৰ দয়াতহে লাভ হয়।

• سؤال الله حسن الخاتمة والسلامة والفوز يوم القيامة والالتحاق برفقة الصالحين في الجنان.
আল্লাহৰ ওচৰত উত্তম পৰিণতি, নিৰাপত্তা তথা ক্বিয়ামতৰ দিনা সফলতা আৰু জান্নাতত পূণ্যৱান লোকসকলৰ সঙ্গ লাভ কৰাৰ প্ৰাৰ্থনা কৰা উচিত।

• من فضل الله تعالى أنه يُطْلع أنبياءه على بعض من أمور الغيب لغايات وحكم.
আল্লাহ তাআলাৰ এটা অন্যতম অনুগ্ৰহ হৈছে এই যে, তেওঁ কিছুমান অদৃশ্য বিষয় সম্পৰ্কে ৰহস্য আৰু উদ্দেশ্য অনুসৰি ৰাছুলসকলক অৱগত কৰে।

 
የመልዕክት ትርጉም አንቀፅ: (100) ሱራ (ምዕራፍ): ዩሱፍ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት