Check out the new design

የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማውጫ


የመልዕክት ትርጉም ሱራ (ምዕራፍ): ሁድ   አንቀፅ:

হূদ

ከሱራዋ ጥቅል ሀሳብ መካከል:
تثبيت النبي والمؤمنين بقصص الأنبياء السابقين، وتشديد الوعيد للمكذبين.
পূৰ্বৱৰ্তী নবীসকলৰ ঘটনাৱলীৰ দ্বাৰা নবী আৰু মুমিনসকলক উৎসাহিত কৰা হৈছে তথা দৃঢ়তা প্ৰদান কৰা হৈছে, লগতে অস্বীকাৰকাৰীসকলক কঠোৰ ভাষাৰে ধমক দিয়া হৈছে।

الٓرٰ ۫— كِتٰبٌ اُحْكِمَتْ اٰیٰتُهٗ ثُمَّ فُصِّلَتْ مِنْ لَّدُنْ حَكِیْمٍ خَبِیْرٍ ۟ۙ
(আলিফ-লাম-ৰা) এনেকুৱা আখৰ সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত কৰা হৈছে। কোৰআন এনেকুৱা এখন কিতাপ যাৰ শব্দ বিন্যাস আৰু অৰ্থবোৰ সুদৃঢ়। তাত আপুনি কোনো ধৰণৰ ত্ৰুটি-বিচ্যুতি নাপাব। লগতে তাত হালাল আৰু হাৰাম, আদেশ আৰু নিষেধ, প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণী তথা পূৰ্বযুগৰ ঘটনাৱলী বিশদভাৱে বৰ্ণনা কৰা হৈছে। এইখন এনেকুৱা সত্ত্বাৰ ফালৰ পৰা অৱতীৰ্ণ কৰা হৈছে, যিজন পৰিচালনাত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। বান্দাৰ পৰিস্থিতি সম্পৰ্কে আৰু তেওঁলোকৰ কল্যাণকৰ দিশ সম্পৰ্কে সৰ্বজ্ঞ।
ዓረብኛ ተፍሲሮች:
اَلَّا تَعْبُدُوْۤا اِلَّا اللّٰهَ ؕ— اِنَّنِیْ لَكُمْ مِّنْهُ نَذِیْرٌ وَّبَشِیْرٌ ۟ۙ
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই আয়াতসমূহৰ বিষয়বস্তু হৈছেঃ আল্লাহৰ লগত বান্দাসকলে যাতে আন কাৰো উপাসনা নকৰে সেই সম্পৰ্কে নিষেধাজ্ঞা জাৰি কৰা। হে মানৱজাতি! যদি তোমালোকে আল্লাহৰ লগত কুফুৰী কৰা তথা তেওঁৰ অবাধ্যতা কৰা তেন্তে শুনা! নিশ্চয় মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। লগতে মই তোমালোকক তেওঁৰ ছোৱাবৰ সুসংবাদ দিওঁ, যদি তোমালোকে ঈমান পোষণ কৰা আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰা।
ዓረብኛ ተፍሲሮች:
وَّاَنِ اسْتَغْفِرُوْا رَبَّكُمْ ثُمَّ تُوْبُوْۤا اِلَیْهِ یُمَتِّعْكُمْ مَّتَاعًا حَسَنًا اِلٰۤی اَجَلٍ مُّسَمًّی وَّیُؤْتِ كُلَّ ذِیْ فَضْلٍ فَضْلَهٗ ؕ— وَاِنْ تَوَلَّوْا فَاِنِّیْۤ اَخَافُ عَلَیْكُمْ عَذَابَ یَوْمٍ كَبِیْرٍ ۟
হে মানৱজাতি! নিজৰ গুনাহৰ পৰা নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। তোমালোকে তেওঁৰ যি অবাধ্যতা কৰিছা, তাৰ প্ৰতি অনুতপ্ত হৈ তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰা। তেওঁ তোমালোকক পাৰ্থিৱ জীৱনত, তোমালোকৰ নিৰ্দিষ্ট সময় সমাপ্ত নোহোৱালৈকে সুখ উপভোগৰ উত্তম সামগ্ৰী প্ৰদান কৰিব। প্ৰত্যেক সেই ব্যক্তি যিয়ে অতিৰিক্ত আনুগত্য তথা সৎকৰ্ম কৰে, তাৰ শ্ৰেষ্ঠতাৰ সম্পূৰ্ণ প্ৰতিকাৰ প্ৰদান কৰিব, তথা তাত একো হ্ৰাস কৰা নহ'ব। আনহাতে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি যদি তোমালোকে ঈমান পোষণ কৰাৰ পৰা বিমুখ হোৱা, তেন্তে শুনা! মই তোমালোকক এটা ভয়ঙ্কৰ দিনৰ পৰা সতৰ্ক কৰোঁ, সেয়া হৈছে ক্বিয়ামত দিৱস।
ዓረብኛ ተፍሲሮች:
اِلَی اللّٰهِ مَرْجِعُكُمْ ۚ— وَهُوَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
হে মানৱজাতি! ক্বিয়ামতৰ দিনা তোমালোক কেৱল আল্লাহৰ প্ৰতিহে প্ৰত্যাৱৰ্তন কৰিবা। পৱিত্ৰ আল্লাহ সকলো বিষয়ত ক্ষমতাৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। এতেকে তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক জীৱিত কৰা তথা তোমালোকৰ হিচাপ নিকাচ লোৱা আদি কৰ্মই তেওঁক কেতিয়াও বিৱশ কৰিব নোৱাৰে।
ዓረብኛ ተፍሲሮች:
اَلَاۤ اِنَّهُمْ یَثْنُوْنَ صُدُوْرَهُمْ لِیَسْتَخْفُوْا مِنْهُ ؕ— اَلَا حِیْنَ یَسْتَغْشُوْنَ ثِیَابَهُمْ ۙ— یَعْلَمُ مَا یُسِرُّوْنَ وَمَا یُعْلِنُوْنَ ۚ— اِنَّهٗ عَلِیْمٌۢ بِذَاتِ الصُّدُوْرِ ۟
শুনা! দৰাচলতে মুশ্বৰিকসকলে নিজৰ বুকু জপাই ৰাখে, যাতে সিহঁতে নিজৰ বুকুত থকা সন্দেহক আল্লাহৰ পৰা গোপন কৰিব পাৰে, সিহঁত এই বিষয়ে অনভিজ্ঞ কাৰণে এনেকুৱা কৰে। জানি থোৱা! সিহঁতে যে কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখে, সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে সেই বিষয়ে আল্লাহ অৱগত। নিশ্চয় তেওঁ অন্তৰৰ গোপন বিষয়ে সম্যক অৱগত।
ዓረብኛ ተፍሲሮች:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• إن الخير والشر والنفع والضر بيد الله دون ما سواه.
নিশ্চয় কল্যাণ, অকল্যাণ তথা উপকাৰ আৰু অপকাৰ এই সকলোবোৰৰ অধিকাৰ কেৱল আল্লাহৰ হাতত, এই ক্ষেত্ৰত আন কাৰো ক্ষমতা নাই।

• وجوب اتباع الكتاب والسُّنَّة والصبر على الأذى وانتظار الفرج من الله.
কোৰআন হাদীছৰ অনুসৰণ কৰা, দুখ-কষ্টত ধৈৰ্য ধাৰণ কৰা তথা আল্লাহৰ ফালৰ পৰা প্ৰশস্ততা লাভৰ অপেক্ষা কৰা অনিবাৰ্য।

• آيات القرآن محكمة لا يوجد فيها خلل ولا باطل، وقد فُصِّلت الأحكام فيها تفصيلًا تامَّا.
কোৰআনৰ আয়াতসমূহ সুদৃঢ়, ইয়াত কোনো ধৰণৰ ত্ৰুটি-বিচ্যুতি নাই। ইয়াত থকা বিধি-বিধানসমূহ বিশদভাৱে বিৰ্ণিত।

• وجوب المسارعة إلى التوبة والندم على الذنوب لنيل المطلوب والنجاة من المرهوب.
ভয়াৱহ আৰু অপ্ৰিয় বস্তুৰ পৰা মুক্তি লাভৰ বাবে, লগতে উদ্দেশ্যত উপনীত হোৱাৰ বাবে পাপ কৰ্মত অনুতপ্ত হৈ তাওবা কৰিবলৈ খৰধৰ কৰা উচিত।

 
የመልዕክት ትርጉም ሱራ (ምዕራፍ): ሁድ
የሱራዎች ማውጫ ገፅ ቁጥር
 
የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማውጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

ለመዝጋት